অব্যৱসায়ীক প্ৰতিষ্ঠান ৰ দ্বাৰা পৰিবেশিত অন্যান্য ৱিকি-প্ৰকল্পসমূহ: ():
নিৰ্বাচিত প্ৰবন্ধ
|
সাধাৰণ আপেক্ষিকতাবাদ তত্ত্বত বৰ্ণিত ত্ৰিমাত্ৰিক স্থানকালৰ বক্ৰতাৰ দ্বিমাত্ৰিক প্ৰক্ষেপণ
আপেক্ষিকতাবাদ তত্ত্ব বুলিলে পদাৰ্থবিজ্ঞানী এলবাৰ্ট আইনষ্টাইনে আগবঢ়োৱা দুই আন্তঃসম্পৰ্কীয় তত্ত্বক বুজোৱা হয়: বিশেষ আপেক্ষিকতাবাদ তত্ত্ব আৰু সাধাৰণ আপেক্ষিকতাবাদ তত্ত্ব। মাধ্যাকৰ্ষণৰ অনুপস্থিতিত মৌলিক কণাসমূহৰ সকলোধৰণৰ ভৌতিক পৰিঘটনা ব্যাখ্যা কৰিবলৈ বিশেষ আপেক্ষিতাবাদ তত্ত্ব প্ৰয়োগ হয়। সাধাৰণ আপেক্ষিকতাবাদ তত্ত্বই মহাকৰ্ষণ সূত্ৰ আৰু প্ৰকৃতিৰ আনবোৰ বলৰ সৈতে ইয়াৰ সম্পৰ্কৰ ব্যাখ্যা আগবঢ়ায়। জ্যোতিৰ্বিজ্ঞান আৰু ব্ৰহ্মাণ্ডতত্ত্ব অধ্যয়ন, আৰু মহাকাশৰ গূঢ়াৰ্থ বুজিবলৈ এই তত্ত্ব বহুলভাৱে প্ৰয়োগ হয়। মূলতঃ আইজাক নিউটনে আগবঢ়োৱা ২০০ বছৰ পুৰণি বলবিজ্ঞানৰ তত্ত্বক ওফৰাই কুৰি শতিকাত আইনষ্টাইনৰ আপেক্ষিকতাবাদ তত্ত্বই তাত্ত্বিক পদাৰ্থবিজ্ঞান আৰু জ্যোতিৰ্বিজ্ঞানৰ ৰেহৰূপ সম্পূৰ্ণৰূপে সলনি কৰি দিছিল। এই তত্ত্বই মহাকাশ আৰু সময়ক লগ লগাই স্থানকাল, সমকালীনতাৰ আপেক্ষিকতা (Relativity of simultaneity), গতিশীল আৰু মাধ্যাকৰ্ষণীয় সময় প্ৰসাৰণ, দৈৰ্ঘ্য সংকোচন- ইত্যাদি কেতবোৰ নতুন ধাৰণাৰ জন্ম দিছিল।
( ইয়াত বিতংকৈ পঢ়ক)
|
আপুনি জানেনে...
|
- ...যে ভিল জনজাতি চাওঁতাল আৰু গণ্ডৰ পিছতেই ভাৰতবৰ্ষৰ তৃতীয়টো বৃহৎ জনজাতি?
- ...যে প্ৰতি ছেকেণ্ডত ২২৪ গিগাবাইট পৰ্যন্ত গতিৰে লাই-ফাই প্ৰযুক্তি ৱাই-ফাইতকৈ প্ৰায় ১০০ গুণ ক্ষিপ্ৰ?
- ...যে "ছিংগাপুৰ" নামটো আহিছে মালয় ভাষাৰ ছিংগাপুৰাৰ পৰা যিটো আহিছে সংস্কৃতৰ सिंहपुर পৰা?
- ...যে জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ৱাল্টাৰ লুইনৰ ভাষণৰ ভিডিঅ'সমূহে বছৰি প্ৰায় দুই নিযুত দৰ্শনী লাভ কৰে?
|
নিৰ্বাচিত চিত্ৰ
|
|
|
|
|
| মুখাশিল্প (ইংৰাজী: Mask) অসমৰ এবিধ প্ৰাচীন লোককলা। শ্ৰীমন্ত শংকৰদেৱক অসমৰ মুখা শিল্পৰ জনক বুলি গণ্য কৰা হয়। শ্ৰীৰামচৰণ ঠাকুৰৰ 'চৰিত পুথি'ত কৰা বৰ্ণনা অনুসৰি মহাপুৰুষজনাই ভাৱৰীয়াসকলৰ বাবে নিজ হাতে মুখা সজাতে সীমাবদ্ধ নাথাকি বিভিন্ন চৰিত্ৰৰ বাহনৰ মুখাসমূহো (যেনে-বিষ্ণুৰ বাহন গৰুড়, ব্ৰহ্মাৰ বাহন হংস) নিজ হাতে তৈয়াৰ কৰি ভাওনাত ব্যৱহাৰ কৰিছিল। মুখাৰ ব্যৱহাৰ সাধাৰণতে ভাওনা, ৰাস আদি উংসৱসমূহত দেখিবলৈ পোৱা যায়৷ মুখা সাজিবলৈ বাহ, খেৰ, বোকামাটি, গোবৰ আদি ব্যৱহাৰ কৰা হয়৷ অসমৰ মাজুলী আৰু গোলাঘাটৰ কেতবোৰ ঠাই মুখাশিল্পৰ বাবে জনাজাত৷
আলোকচিত্ৰ শিল্পী: –
|
|
|
|
পৰিচিতি
|
| "ৱিকিপিডিয়া" এখন বিশ্বকোষ। বিশ্বৰ যিকোনো বিষয়ৰ ওপৰত শুদ্ধ আৰু নিৰপেক্ষভাৱে জ্ঞান সংগ্ৰহ কৰি সকলোলৈকে বিনামূল্যে উপলব্ধ কৰোৱাৰ প্ৰয়াসেৰে এই আন্তৰ্জাতিক আৰু বহুভাষিক প্ৰকল্পৰ সূচনা কৰা হৈছে। পৃথিৱীৰ বিভিন্ন স্বেচ্ছাসেৱক লেখকে বিভিন্ন স্থানৰ পৰা নিজৰ নিজৰ অৰ্হতা অনুসৰি কোনো বিষয়ত অৱদান দি বিভিন্ন ভাষাত ৱিকিপিডিয়া প্ৰতিষ্ঠা কৰিছে। "ৱিকিমিডিয়া ফাউণ্ডেশ্যনে" ২০০১ চনত প্ৰথমতে ইংৰাজী ৱিকিপিডিয়াৰপৰা আৰম্ভ কৰা এই প্ৰকল্পৰ অধীনত এতিয়ালৈকে প্ৰায় ৪০ নিযুত প্ৰবন্ধ সম্বলিত ৩০১ টা ভাষাৰ ৱিকিপিডিয়া মুকলি হ’ল। বৰ্তমান বিশ্বৰ প্ৰায় ৫০০ নিযুত মানুহে ব্যৱহাৰ কৰা এই ৱিকিপিডিয়াবোৰৰ সংখ্যা ভৱিষ্যতলৈও বাঢ়ি গৈ থাকিব।
এই ৱিকিপিডিয়াবোৰত তথ্যৰ শুদ্ধতা আৰু নিৰপেক্ষতাৰ ওপৰত অতিশয় গুৰুত্ব আৰোপ কৰা হয়। বিশ্বৰ যিকোনো স্থানৰপৰা যিকোনো মানুহে ইণ্টাৰনেটৰ জৰিয়তে বিনামূল্যে যিকোনো ৱিকিপিডিয়াৰ পৰা জ্ঞান আহৰণ আৰু উপভোগ কৰিব পাৰে। “ৰাইজৰ দ্বাৰা ৰাইজৰ বাবে” সংকলিত এই ৱিকিপিডিয়াক থোৰতে “গণবিশ্বকোষ” বুলিব পাৰি।
ৱিকিপিডিয়াৰ বাহিৰেও ৱিকিমিডিয়াৰ তত্বাৱধানত ৱিকিচ’ৰ্ছ (ৱিকিউৎস), ৱিক্স্যনেৰী (ৱিকি-অভিধান), ৱিকিনিউজ (ৱিকিসংবাদ) আদি বিভিন্ন সহ-উদ্যোগৰ মুক্ত জ্ঞানবিতৰণৰ এই অভিনৱ প্ৰয়াসে আজি এক গণ আন্দোলনৰ ৰূপ লৈছে।
|
সহায়
|
- নতুন সদস্যই একাউণ্ট খুলিবলৈ ।
- ইতিমধ্যেই অসমীয়া ৱিকিপিডিয়াত একাউণ্ট থকাসকলে প্ৰৱেশ কৰিবলৈ ।
- যদি পৰীক্ষা-নিৰীক্ষা কৰি চাবলৈ বিচাৰিছে, তেন্তে ।
- ৱিকিপিডিয়াত লিখিবলৈ ইচ্ছুক? ।
|
ৱিকিপিডিয়ানৰ হাতপুথি
|
সাহায্য
· · · · · · · · · ·
নীতি আৰু নিৰ্দেশাৱলী
· · · · · · · · ·
আচৰণবিধি
· · · · · ·
|
|
|
|
| অসম
· · · · · · · · ·
|
ভাৰত
· · · · · · · ·
|
দেশ-বিদেশ
· · ·
|
|
|
বিজ্ঞান
· · · · · · · · · · ·
|
মনোৰঞ্জন
· · · · ·
|
ৱিকিপিডিয়া
· · · · ·
|
|
|
অন্য ভাষাৰ ৱিকিপিডিয়াসমূহ
|
|