নিৰ্বাচিত প্ৰবন্ধ
|
নমিতা ভট্টাচাৰ্য
নমিতা ভট্টাচাৰ্য অসম, ভাৰতৰ এগৰাকী কণ্ঠশিল্পী৷ সত্তৰ-আশীৰ দশকত অসমীয়া সংগীত জগতখনৰ প্ৰত্যক্ষ সান্নিধ্যলৈ অহা গায়িকাগৰাকীৰ ১৯৭৫ চনত মুক্তিলাভ কৰা অসমীয়া চলচ্চিত্ৰ তৰামাইত পোনপ্ৰথমবাৰৰ বাবে নেপথ্য কণ্ঠশিল্পী হিচাপে অভিষেক ঘটে৷ ইয়াৰ পূৰ্বে তেখেতে আকাশবাণীত গীত পৰিৱেশন কৰিছিল৷ আলি ঢাকি পৰ শালিকী, লাজ লাজ লাজ, সুধিছা তোমালৈ কিমান মৰম, আলফুলীয়া কপৌফুল আদি তেখেতৰ কেইটামান সৰ্বজনসমাদৃত গীত৷ অসমৰ লগতে ভাৰতৰ কেইবাখনো ঠাইৰ লগতে ইউৰোপতো গীত পৰিৱেশনৰ বাবে আমন্ত্ৰণ লাভ কৰা নমিতা ভট্টাচাৰ্যই ২০২১ বৰ্ষৰ অসম চৰকাৰে প্ৰদান কৰা 'শিল্পী বঁটা' লাভ কৰে৷ আধুনিক গীতৰ লগতে তেখেতে পৰম্পৰাগত গীত-মাত, ভজন আৰু গজলো পৰিৱেশন কৰে ৷ অসমৰ আন এগৰাকী জনপ্ৰিয় পুৰুষ কণ্ঠশিল্পী দ্বীপেন বৰুৱাৰ সৈতে বহুকেইখন অসমীয়া চলচ্চিত্ৰৰ দ্বৈত কণ্ঠৰ গীতত নমিতা ভট্টাচাৰ্যই কণ্ঠদান কৰি বিশেষ খ্যাতি তথা সমাদৰ লাভ কৰে ৷ তেখেতে বিশখনতকৈও অধিক অসমীয়া চলচ্চিত্ৰত গীত পৰিৱেশন কৰিছে৷
( ইয়াত বিতংকৈ পঢ়ক)
|
আপুনি জানেনে...
|
য়িন আৰু য়াং চিহ্ন বা টাইচি চিহ্ন
|
নিৰ্বাচিত চিত্ৰ
|
|
|
|
|
| শেৱালি ফুল (বৈজ্ঞানিক নাম: Nyctanthes arbor-tristis) হ’ল নিক্টান্থেস (Nyctanthes) ৰ অন্তৰ্গত এবিধ ফুল। ইয়াক দক্ষিণ এচিয়াৰ দক্ষিণ-পূৰ্ব থাইল্যাণ্ড ৰ পৰা পশ্চিমে বাংলাদেশ, ভাৰত, উত্তৰে নেপাল, আৰু পূৱে পাকিস্তান পৰ্যন্ত দেখা পোৱা যায়। এই ফুল পশ্চিমবঙ্গৰ আৰু থাইল্যাণ্ডেৰ কাঞ্চনাবুৰি প্ৰদেশেৰ ৰাষ্ট্ৰীয় ফুল। শেৱালি ফুলৰ গা-গছজোপা নৰম ধূসৰ ছাল বা বাকলি বিশিষ্ট আৰু এই গছ ১০ মিটাৰ পৰ্যন্ত দীঘল হব পাৰে। গছডালৰ পাতসমূহ ৬-৭ চেণ্টিমিটাৰ দীঘল। ইয়াৰ ফল চেপেটা আৰু বাদামী হৃদপিণ্ড আকৃতিৰ। ফলৰ ব্যাস প্ৰায় ২ চেণ্টিমিটাৰ আৰু এটি দুই ভাগত বিভক্ত। প্ৰতিটো ভাগত এটাকে বীজ থাকে। এই ফুল শৰৎকালত ফুলা দেখা যায়। ফুলসমূহ ৰাতি ফুলি ৰাতিপুৱা গছৰপৰা সৰি পৰে। শেৱালি ফুল দুৰ্গা পূজাত ফুলা দেখা যায়।
আলোকচিত্ৰ শিল্পী: বৰুণ পাবৰাই পূৰ্বৰ নিৰ্বাচিত চিত্ৰসমূহ – অধিক নিৰ্বাচিত চিত্ৰ আৰু মিডিয়া...
|
|
|
|
|
অব্যৱসায়ীক প্ৰতিষ্ঠান ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ দ্বাৰা পৰিবেশিত অন্যান্য ৱিকি-প্ৰকল্পসমূহ: (বিতং তথ্য:):
অন্য ভাষাৰ ৱিকিপিডিয়াসমূহ
-
১০ লাখতকৈ অধিক প্ৰবন্ধসমৃদ্ধ
-
আঢ়ৈ লাখতকৈ অধিক প্ৰবন্ধসমৃদ্ধ
-
পঞ্চাশ হাজাৰতকৈ অধিক প্ৰবন্ধসমৃদ্ধ
|
|